বৰপেটা: জুবিন গাৰ্গৰ অন্তিম ছবি "ৰৈ ৰৈ বিনালে"ৰ চাই আবেগিক হৈ পৰে বৰপেটাৰ দৰ্শক
মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ অন্তিম ছবি "ৰৈ ৰৈ বিনালে"ৰ চাই আবেগিক হৈ পৰিছে বৰপেটাৰ দৰ্শক । বৰপেটাৰ ইন্দ্ৰপুৰী চিত্ৰগৃহত মুক্তি লাভ কৰিছে ছবিখনে। অনলাইনত টিকট সংগ্ৰহৰ ব্যৱস্থা নথকা বৰপেটাৰ ছবিগৃহটোত সেয়েহে টিকট সংগ্ৰহ কৰিবলৈ পুৱাৰ পৰা দৰ্শকৰ দীঘলীয়া শাৰীৰ সৃষ্টি হয় । দৰ্শনী অন্ত পৰাৰ পাছত বহু দৰ্শকে কান্দি কান্দি ছবিগৃহৰ পৰা ওলাই আহে। তেওলোকে ছবিখন চাই অভিভূত হোৱাৰ লগতে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত সৰব হৈ পৰে।