হোজাই: ষ্টেট বেংকৰ সমীপত দুখন বাইকৰ মাজত মুখামুখি সংঘর্ষ, গুৰুতৰভাৱে আহত তিনিজন বাইক আৰোহি, উপস্থিত আৰক্ষী
Hojai, Hojai | Jul 6, 2025 শনিবাৰে নিশা প্ৰায় ১১বজাত হোজাই ষ্টেট বেংকৰ সমীপত সংঘটিত হয় পথ দুর্ঘটনা।দুখন বাইকৰ মাজত মুখামুখি সংঘর্ষ।ফলত গুৰুতৰভাৱে আহত হয় তিনিজন বাইক আৰোহি।স্থানীয় ৰাইজৰ তৎপৰাতত আহত তিনিজন বাইক আৰোহিক মিড টাউন চিকিৎসালয়ত প্ৰেৰণ কৰা হয়।দুর্ঘটনাগ্ৰস্থ বাইকৰ নম্বৰ AS-31-D-7168।ইফালে দুর্ঘটনা সংঘটিত কৰি আন এখন চালকৰ বাইক লৈ পলায়ন।ঘটনাস্থলীত হোজাই যান বাহন আৰক্ষী উপস্থিত হৈ দুর্ঘটনাগ্ৰস্থ বাইক খন থানালৈ লৈ অহাৰ লগতে আৰম্ভ কৰিছে তদন্ত।