মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত বিদ্যুতপৃষ্ঠ হৈ মহিলাৰ মৃত্যু
সোমবাৰে পুৱতি নিশা ৩.৩০ মিনিট মান বজাত মাৰ্ঘেৰিটাৰ ইনথেমত বিদ্যুতৰ তাঁৰত লাগি এগৰাকী মহিলা মৃত্যু। নামঘৰত জন্মাষ্টমীৰ পালন কৰি ঘুৰি আহি পদুলি মুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুতপৃষ্ঠ হৈ কৰুণ মৃত্যুক সাৱটি লয় মহিলা গৰাকীয়ে। মৃত মহিলা গৰাকীৰ নগাপথাৰ নিবাসী পলৱী গগৈ(৩৮)। পুৱা প্ৰায় ১০ বজাত বিদ্যুত বিভাগৰ গাফিলতিতে এই ঘটনা সংঘটিত হোৱা অভিযোগ ।