বৰপেটা: বৰপেটা চহৰত অনুষ্ঠিত তিনিখন পুজা মণ্ডপত মহানৱমী পুজা উপলক্ষে ভক্তৰ ভিৰ
বুধবাৰে সমগ্ৰ ৰাজ্যখনত অনুষ্ঠিত হয় মহানৱমী পুজা ৷ বৰপেটা চহৰত অনুষ্ঠিত হোৱা তিনিখন দুৰ্গা পুজাতস্থলীত দুৰ্গা মাৰ নৱমী পুজা ভক্তৰ ভিৰ পৰিলক্ষিত হয় ৷ অসমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে পুজাত উচাহ উদ্দিপনা কম হৈছে যদিও আধ্যাত্মিক ভাৱে পুজাস্থলী সমুহত পুজা অৰ্চনা চলিছে ৷ বুধবাৰে সন্ধিয়া চহৰখনৰ পুজাস্থলী উপস্থিত হৈ ভক্ত সকলে দেৱী মাৰ চৰণত প্ৰণাম জনায় ৷