দুধনৈ: দুধনৈ জনমন্দিৰত অসম জনজাতি সাংস্কৃতিক মহাসভা গোৱালপাৰা জিলা সমিতিৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়
দুধনৈ জনমন্দিৰ প্ৰাঙ্গণত অসম জনজাতি সাংস্কৃতিক মহাসভা গোৱালপাৰা জিলা সমিতিৰ সৌজন্যত তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ অসম জনজাতি সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন কৰে সভাপতি প্ৰেমচাদ বসুমতাৰীয়ে ৷ ইয়াৰ পাছতে জনগোষ্ঠীয় প্ৰয়াত মহান শিল্পী সকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে সম্পাদক অনাদি কুমাৰ ৰাভাই ৷ এই কাৰ্যসূচীৰ পাছতে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সম্পৰ্কত বাৰ্তালাপ অনুষ্ঠিত হয়।