শিৱসাগৰ: ফুকন নগৰত এছ কে পেট্ৰ'ৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ, ভুক্তভোগীয়ে ন্যায় পোৱাৰ দাবী
শিৱসাগৰৰ ফুকন নগৰত এছ কে পেট্ৰ'ৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ প্ৰতিবাদ,ন্যায় পাব লাগিব ভুক্তভোগীয়ে । ভটিয়াপাৰৰ ৰিগৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতিপুৰণ দিয়াৰ দাবীত শিৱসাগৰ এছ কে পেট্ৰ'ৰ কাৰ্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী । বিগত সময়ত এছ কে পেট্ৰ'ত কাম কৰা কৰ্মচাৰীৰ পৰিয়ালৰ লোককো উচিত ক্ষতিপুৰণ দিয়াৰ দাবী বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা ।