বঙাইগাঁও ভাগ: বৰপাৰাত অবৈধ বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাৰে আছুৰ প্ৰতিবাদ, নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিলিপি দাহ
সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে বঙাইগাঁও জিলা সমিতিয়ে শুক্ৰবাৰে বৰপাৰা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মূখত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি নাগৰিকত্ব সংশোধনী বিলৰ প্ৰতিলিপি দাহ কৰে । এই হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান তীব্ৰ প্ৰতিবাদ হ'ব বুলি মন্তব্য কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথে।