সাপেখাতী: বৰপথাৰ আদৰ্শ গাওঁত বিজেপি বৰহাট মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভাত বিজেপি চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ
বৰপথাৰ আদৰ্শ গাওঁত বিজেপি যুৱ মৰ্চা বৰহাট মণ্ডলৰ উদ্যোগত তথা নাহৰপুখুৰী পঞ্চায়ত ভিত্তিত যুৱ মৰ্চাৰ বুথ বাহিনীৰ আহ্বায়ক আৰু সহঃ আহ্বায়ক সকলৰ লগত নিৰ্বাচন সম্পৰ্কে শুক্ৰবাৰে ১২বজাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়।বৰহাট মণ্ডলৰ সম্পাদক হেমন্ত সোণোৱালে আঁত ধৰা সভাত বিজেপি যুৱ মৰ্চা,চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ, সম্পাদক দেৱজিৎ সোণোৱাল, বৰহাট মণ্ডলৰ সভাপতি ভাস্কৰ গগৈয়ে অংশগ্ৰহণ কৰে।