মৰঙী: পোৰাবাংলাত ভূমিকম্পৰ জোকাৰণিত বিল্ডিংৰ পৰা পৰিল যুৱক,আঘাতপ্ৰাপ্ত যুৱক এম্বুলেঞ্চত দুই ঘণ্টা ধৰি ফচিল ট্ৰেফিক জামত
পোৰাবাংলাত ভূমিকম্পৰ জোকাৰণিত বিল্ডিংৰ পৰা পৰি আঘাতপ্ৰাপ্ত যুৱক এম্বুলেঞ্চত দুই ঘণ্টা ধৰি ফচিল ট্ৰেফিক জামত।দেওবাৰে সন্ধিয়া প্ৰায় ৭ বজাত নুমলীগড়ত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পাছত গোলাঘাট আৰক্ষীৰ অবিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ফলত পোৰাবাংলাত জীৱন মৃত্যুৰে যুঁজিছে আঘাতপ্ৰাপ্ত যুৱকজনে।NRL কৰ্মচাৰী যুৱকজনে লৱণঘাটত বিল্ডিংত কাম কৰি থকা অৱস্থাত ভূমিকম্পৰ জোকাৰণিত পৰি আহত হয়।আহত যুৱকজন ফলঙনিৰ বলীন ফুকন বুলি জানিব পৰা গৈছে।