বৃহস্পতিবাৰে আবেলি ৫ মান বজাত গোৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপি দলৰ এখন যোগদান সভা।সমাগত বিটিআৰ নিৰ্বাচনকলৈ অনুষ্ঠিত হোৱা যোগদান সভাখনত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিকলোকে আনুষ্ঠানিকভাবে দলটোত যোগান কৰে।মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত উপস্থিত থাকে দলটোৰ ৰাজ্যিক মুখাপাত্ৰ মানস শৰণীয়া আৰু পৰিষদীয় সমষ্টিটোৰ প্ৰভাৰী দিলিপ দাসে।