বৰপেটা: পখলা গোসাঁই মন্দিৰত অনুষ্ঠিত পখলা গোসাঁই সভা মহোৎসৱৰ মুল সভাত অগণন ভক্তৰ সমাগম
পখলা গোসাইদেৱৰ মন্দিৰত অনুষ্ঠিত মহোৎসৱৰ বুধবাৰে মূল সভা অনুষ্ঠিত হয়। মহোৎসৱ উপলক্ষে হোম যজ্ঞ, বন্তি প্ৰজ্বলন , গোসাই ফুৰোৱা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ বাবে সভা মহোৎসৱ থলীত অগণন ভক্তৰ সমাগম হয়। দূৰদূৰণিৰ পৰাও এই সভা মহোৎসৱলৈ প্ৰতিবছৰে অগনন ভক্তৰ আগমন হৈ আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। প্ৰত্যেকে আহি মন্দিৰ চৌহদত চাকি - ধূপ জ্বলাই গোসাইক সেৱা জনোৱাৰ উপৰি নৈবেদ্যও আগবঢ়াই ।