ওদালগুৰি: বৰকলা বাগিছাত অনুষ্ঠিত বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন ইএম জগদীশ সৰকাৰৰ অংশগ্ৰহণ
সমাগত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন।সেয়ে উঠি পৰি লাগিছে বিটিচিৰ ৰাজনৈতিক দল সমুহ। সেইদৰে জিলা খনৰ মুদৈবড়ী পৰিষদীয় সমষ্টিত বৰকলা বাগিছাত বিপিএফ দলে অনুষ্ঠিত কৰে এখন নিৰ্বাচনী প্ৰচাৰ সভা। সভাত প্ৰাক্তন ইএম জগদীশ সৰকাৰে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজৰ সতে মত বিনিময় কৰে। ইপিনে সভাত দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰুন শৰ্মা, জিলা সাধাৰণ সম্পাদক নৃপেন হাজৰিকা প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।