মাৰ্ঘেৰিটা: লিডুৰ মোলাং গাওঁত ভুমি হস্তক্ষেপৰ ঘটনাৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত
১নং মোলাং গাওঁত খিলঞ্জীয়া লোকৰ ভুমি হস্তক্ষেপক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজালৈকে ৰাইজৰ মাজত এক সভা অনুষ্ঠিত হৈ যায় । উল্লেখযোগ্য যে ১নং মোলাং গাওঁৰ দয়াৰাম গড়ৰ ৮ বিঘা খাজনা দিয়া ম্যাদি ভুমিত ৭ ঘৰকৈ লোকে বসবাস কৰি আহিছে। উঠি যাব কলেও নানান অজুহাত দেখুৱাই আহিছে ব্যক্তি কেইজনে। স্থানীয় সংগঠন ৰাইজ একগোট হৈ অৱশেষত সমাধানৰ পথ উলিয়াই ।