তিতাবৰ: বোকাহোলাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা , লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণ ৰূপে ভস্মীভূত
তিতাবৰৰ বোকাহোলাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণ ৰূপে ভস্মীভূত । জুইত সম্পূৰ্ণৰূপে জাহ যায় এখন ব্যৱসায়িক প্ৰতিষ্ঠান । বোকাহোলা চাহ বাগিচাৰ পুৰণা লাইনৰ প্ৰকাশ গোৱালা নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত লাগে জুই । অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে।