পূব ডিব্ৰুগড়: ডিব্ৰুগড়ত জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ভোটাৰ সজাগতাৰ বাবে শপত পাঠ অনুষ্ঠিত
অহা ১৯ এপ্ৰিল ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব লগা লোকসভা নিৰ্বাচনত সকলোৱে স্বাধীন আৰু সততাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় জিলা নিৰ্বাচনী বিভাগৰ SVEEP Cell (প্ৰনালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ) কোষৰ উদ্যোগত তথা শিক্ষা বিভাগ ডিব্ৰুগড়, ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান, ডিব্ৰুগড়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ডিব্ৰুগড়ৰ সহযোগত এক বিষয়া-কৰ্মচাৰীয়ে চৌকিডিঙ্গী খেল পথাৰত ভোটাৰ সজাগতাৰ বাবে শপত পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে