ওদালগুৰি: জিলা স্বাস্থ্য বিভাগৰ কাৰ্য্যালয়ত এন এইচ এমৰ কৰ্মচাৰীৰ তিনি দিনীয়া কৰ্ম বিৰতি আৰু ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন
NHMৰ কৰ্মচাৰী সকলে সমগ্ৰ ৰাজ্যখনতে ৩ নবেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ তিনি দিনীয়া কৰ্ম বিৰতিৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। সেইদৰে জিলা খনৰ স্বাস্থ্য বিভাগৰ কাৰ্য্যালয় প্ৰাংগণত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা, অসম আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থাৰ উদ্যোগত ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত ধৰ্মঘট কাৰ্যসূচীত NHMৰ চিকিৎসক, নাৰ্চ,DPM,BCMআদি কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে।