বৰপেটা: সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা চহৰতো NHM কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
NHM কৰ্মচাৰী সকলক সপ্তম দৰমহা আয়োগৰ আওতাত অন্তৰ্ভুক্ত কৰাৰ লগতে সমকামৰ সম দৰমহা, স্বাস্থ্য বিভাগৰ খালি পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা কৰা, নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, পেঞ্চন, ডেথ বেনিফিট, চাৰ্ভিচ বুক ফেচিলিটীসহ অন্যান্য সা সুবিধা সমহাৰত প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি পালন কৰে। হাতে হাতে প্লে কাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত এইদৰে অৱস্থান ধৰ্মঘট পালন কৰে বৰপেটা জিলাৰ ৫ শতাধিক NHM কৰ্মচাৰীয়ে ।