মৰিগাঁও: মৰিগাঁৱত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ কৰিবলগীয়া অনুষ্ঠানৰ বাবে মিকিৰভেটাৰ খেলপথাৰ পৰিদৰ্শন বিধায়কৰ
মৰিগাঁৱত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ কৰিবলগীয়া অনুষ্ঠানৰ বাবে দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত মিকিৰভেটাৰ খেলপথাৰ পৰিদৰ্শন কৰে বিধায়ক ৰমা কান্ত দেউৰীয়ে।অহা ২ নৱেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মৰিগাঁও সমষ্টিত মহিলা উদ্যমীতা আঁচনিৰ চেক বিতৰণ কৰিবলগীয়া অনুষ্ঠান মিকিৰভেটাৰ খেলপথাৰত অনুষ্ঠিত হ’ব।এই বিশেষ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে দেওবাৰে বিয়লি মিকিৰভেটাৰ খেলপথাৰত উপস্থিত হৈ স্থান পৰিদৰ্শন কৰ