ধেমাজি: মাজৰবাৰীত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ নিৰ্বাচনী প্ৰচাৰ, প্ৰদান বৰুৱাক তীব্ৰ সমালোচনা
১২নং লখিমপুৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ঘনকান্ত চুতীয়াই মঙলবাৰে দিনৰ ২ বজাত ব্ৰহ্মপুত্ৰ, চিমেন নদীৰ বান-খহনীয়াগ্ৰস্ত মাজৰবাৰীত প্ৰচাৰ অভিযান চলায়। চিমেনমুখৰ লাডাংগুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি তৃণমূলৰ প্ৰাৰ্থীজনে কয়– প্ৰদান বৰুৱাই অতদিনে বিধায়ক-সাংসদ হৈ নৈপৰীয়া আৰু গ্ৰামাঞ্চলৰ ৰাইজৰ কোনো উন্নয়ন সাধন নকৰিলে। ব্ৰহ্মপুত্ৰ, চিমেন, দিখাৰী নদীৰ বান-খহনীয়াত কৃষিজীৱী পৰিয়ালৰ শ শ বিঘা ভূমি জাহ গ'ল।