মৰিগাঁও: জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত খিলঞ্জীয়া সুৰক্ষা সমিতি অসম মৰিগাঁও জিলা সমিতি উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
মৰিগাঁও নগৰৰ মাজমজিয়াত খিলঞ্জীয়া সুৰক্ষা সমিতি,অসম মৰিগাঁও জিলা সমিতি উদ্যোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।খিলঞ্জীয়া সুৰক্ষা সমিতিৰ জিলা কাৰ্য্যালয় পৰা বাহিৰ হোৱা প্ৰতিবাদী সমদলটোয়ে নগৰখনৰ মাজমজিয়াত অসম চৰকাৰ হুঁচিয়াৰ,বি. জে. পি. চৰকাৰ হাই হাই শ্ল'গান দি জিলা আয়ুক্ত কাৰ্য্যালয় সম্মুখত উপস্থিত হয়।