বৰপেটা: ভৌকামাৰীত ভৌকামাৰী যুৱ মৰ্চা উদ্যোগত অনুষ্ঠিত টেনিচ ক্ৰিকেট প্ৰতিযোগিতাখন উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে
ভৌকামাৰীত ভৌকামাৰী যুৱ মৰ্চা উদ্যোগত শনিবাৰে অনুষ্ঠিত হয় টেনিচ ক্ৰিকেট প্ৰতিযোগিতা ৷ ভৌকামাৰী যুৱ মৰ্চা উদ্যোগত আয়োজিত প্ৰাইজমানি টেনিচ ক্ৰিকেট প্ৰতিযোগিতাখন শনিবাৰে শুভ উদ্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰি সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ প্ৰতিযোগিতাখন উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় এনে ধৰণৰ খেল প্ৰতিযোগিতাই যুৱ প্ৰজন্মৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনত সহায় কৰে ।