সোণাৰি: চ'ত বহাগৰ দোমাহীৰ দিনা শিমলুগুৰি দিখৌ নৈত লিকচন গাঁও বাসীৰ গৰু বিহু পালন সম্পন্ন ৷
শিমলুগুৰি দিখৌ নৈত লিকচন গাঁও বাসীৰ গৰু বিহু উদ্যাপন। আজি চ'ত বহাগৰ দোমাহী। চ'ত বহাগৰ দোমাহীৰ দিনা ৰাজ্যবাসীয়ে পালন কৰে বাপতিসাহোন ৰঙালী বিহুৰ সাত বিহুৰ গৰু বিহু। পুৱাই নৈ, জান-জুৰি, পুখুৰীত সমূহীয়াকৈ গৰুক মাহ-হালধীৰ লগতে দীঘলতী-মাখিলতীয়ে গৰুক নোৱাইছে-ধুৱাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাজিৰাৰ শিমলুগুৰিৰ বশিষ্ঠ গংগা খ্যাত দিখৌ নৈত লিকচন গাঁও বাসীয়ে আজি চ'ত বহাগৰ দোমাহী দিনা গৰু বিহু উদ্যাপন কৰিছে। পুৱাই মাহ-হালধীৰ লগতে দীঘলতী-মাখিলতীয়ে গৰুক নোৱাইছে-ধুৱাইছে