পূব ডিব্ৰুগড়: জনজাতিকৰণৰ দাবীৰে হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰি লাহোৱালত ৰাজপথ কঁপালে ১০ সহস্ৰাধিক মটক ৰাইজে
এইবাৰ গৰজি উঠিছে মটক জনগোষ্ঠী। জনজাতিকৰণৰ দাবীৰে আজি শুক্ৰবাৰে সন্ধিয়া ৮ বজাৰ লৈকে ডিকমৰ ইকৰাতলীৰ পৰা লাহোৱালৰ লৈকে সদৌ অসম মটক যুৱ ছাত্র সন্মিলনৰ নেতৃত্বত ১০ সহস্ৰাধিক মটক জনগোষ্ঠীৰ ৰাইজে হাতে হাতে জোৰ লৈ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে লাহোৱালত