মৰঙী: মৰঙিত বাঢ়নী পানীয়ে ভাঙিলে ৩ নং ভোলাগুৰি ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কাঠৰ দলং
মৰঙিত ধনশিৰিৰ বাঢ়নী পানীয়ে ভাঙিলে মঙ্গলবাৰে পুৱা প্ৰায় ৯ বজাত ৩৯ নং ঘাইপথৰ সাৰৰ গাওঁ পৰা ৩ নং ভোলাগুৰীৰ সংযোগী কাঠৰ দলং। ৩ নং ভোলাগুৰীৰ শ শ পৰিয়ালৰ এক মাত্ৰ যাতায়তৰ সম্বল আছিল দলংখন। যাৰ বাবে এতিয়া ভোলাগুৰী অঞ্চলত পানীৰ মাজত আবদ্ধ হৈ পৰিছে পুৰুষ মহিলা সহ বহু লোক।সহস্ৰাধিক ৰাইজৰ সুবিধাৰ্থে বিধায়ক মৃণাল শইকীয়াই ৰাইজৰ বাবে আগ বঢ়াইছিল এই খন দলং।