চামগুৰি: ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনিজন লোকক চিকিৎসালয়ত ভৰ্তি
ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ৷গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত তিনিজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি।সোমবাৰে পুৱা প্ৰায় ১১ মান বজাত AS-02-AM-0846 আৰু AS-02-U-3129 নম্বৰৰ বাইক দুখনৰ মুখামুখি সংৰ্ঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটি ৷উক্ত পথ দুৰ্ঘটনাত আহত হয় ৩ জনকৈ লোক ৷আহত সকলক ৰাইজৰ তৎপৰতাত প্ৰথমে শিঙিমাৰী প্ৰাথমিক স্বাস্থ কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷