সোণাৰি: শনিবাৰে চৰাইদেউ মৈদাম প্ৰাঙ্গনত স্মৃতি তৰ্পন উদযাপন সমিতিৰ স্মৃতি তৰ্পনত ইউনেস্কৰ দল উপস্থিত হোৱাৰ সন্দৰ্ভত জৰুৰী সভা
অহা ২৯,৩০ মাৰ্চত চৰাইদেউ মৈদাম প্ৰাঙ্গনত আহোম স্বৰ্গদেউ সকলৰ পৱিত্ৰ সোঁৱৰণত ৭২তম সামূহিক স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰা সৰ্ন্দভত শনিবাৰে দিনৰ ১২ বজাত মৈদাম প্ৰাঙ্গনত আয়োজিত হয় স্মৃতি তৰ্পন উদযাপন সমিতিৰ এখনি জৰুৰী সভা। এই সভাত অনুষ্ঠানৰ বিভিন্ন দিশৰ লগতে স্মৃতি তৰ্পনত ইউনেস্কৰ এটা দল উপস্থিত হোৱাৰ সন্দৰ্ভতো আলোচনা কৰে। ইপিনে সভাত উপস্থিত থাকে আয়োজনক সমিতিৰ সভাপতি সত্যন কোঁৱৰ ।