সাপেখাতী: ছুটিয়াকাৰীত সদৌ অসম পাতৰ সমাজৰ উদ্যোগত কাৰ্যনিৰ্বাহক সভাত পাতৰ সমাজৰ কেন্দ্ৰীয় সহঃসম্পাদক চনুদ পাতৰ
শুক্ৰবাৰে আবেলি প্ৰায় বজাত সদৌ অসম পাতৰ সমাজৰ যষ্ঠ বাৰ্ষিক কাৰ্যনিৰ্বাহ সভা খন চুতীয়াকাৰী ৰূপজ্যোতি যুৱ সংঘত অনুষ্ঠিত হয়।এই উপলক্ষে সদৌ অসম পাতৰ সমাজৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি অমৃত পাতৰ পৌৰোহিত্বত অনুষ্ঠিত সভাখন আঁত ধৰে পাতৰ সমাজৰ চৰাইদেউ জিলাৰ সম্পাদক সঞ্জয় পাতৰে ।সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক চনুদ পাতৰ,জিলাৰ প্ৰাক্তন সভাপতি লক্ষীৰাম পাতৰ ।জিলাৰ সহ সম্পাদক উমেশ পাতৰ,বিনন্দ পাতৰ,প্ৰমুখ্যে জিলাৰ বিষয়ববীয়াই অংশগ্ৰহ কৰে।