ভূৰাগাঁও: ভূৰাগাঁৱৰ তাপতলাত জে ছি আইৰ ভস্মীভূত মৰাপাট গুদামৰ বুজলয় মৰিগাঁও জিলা আয়ুক্তই।
ভূৰাগাঁৱৰ তাপতলাত থকা জে ছি আইৰ মৰাপাটৰ গুদামৰত আজি সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড, অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবা কোটি টকাৰ মৰাপাট, নিশা মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰি বুজলয়। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই।