বৰপেটা: গ্ৰামীণ শ্ৰমিকৰ সুৰক্ষাৰ দাবীত অসম কৃষি শ্ৰমিক ইউনিয়নৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী
ৰাজ্যখনৰ গ্ৰামীণ শ্ৰমিকৰ সুৰক্ষাৰ দাবীৰে অসম কৃষি শ্ৰমিক ইউনিয়নৰ বৰপেটা জিলা সমিতিয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে কেবাটাও দাবী উত্থাপন কৰে। সংগঠনটোৰ নেতৃবৃন্দই আক্ষেপেৰে কয় যে চৰকাৰৰ ভুল নীতিৰ পৰিণতিত অসমত বহু কৃষি শ্ৰমিকে কৃষি কাৰ্য বাদ দি গ্ৰামীণ শ্ৰমিকলৈ ৰূপান্তৰ হৈছে। অথচ তেওলোকৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।