মাহমৰা: মাহমৰাৰ হিংৰিজান, ডোমৰ দলং আৰু ডবা চাহ বাগিচাত জগন্নাথ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত হিংৰজান চাহ বাগিচা, ডোমৰদলং চাহ বাগিচা আৰু ডবা চাহ বাগিচাত আজি 'মহাপ্ৰভু জগন্নাথ প্ৰেক্ষাগৃহ আৰু দক্ষতা বিকাশ কেন্দ্ৰ'-ৰ আধাৰশিলা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ, মাহমৰা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী উৰ্মিলা গগৈসহ আন আন দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷