সৰ্থেবাৰী: সৰ্থেবাৰীৰ আমৃখোৱাত বিহ দি শ শ কপৌ চৰাই হত্যা কৰা নৃপেন ডেকাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় আৰক্ষীয়ে
আমৃখোৱা গাঁৱৰ নৃপেন ডেকাই পথাৰত কঠিয়া সিঁচাৰ সময়ত খেতি পথাৰত বিহ দি কপৌ চৰাই হত্যা কৰা অভিযোগ উত্থাপন হৈছে ৷ প্ৰকৃতিপ্ৰেমী তথা নেচাৰ্ছ বেকনৰ সমন্বয়ক নৱজিৎ নাথে এই ঘটনাক গৰিহণা দিয়াৰ লগতে বিহ দি কপৌ চৰাই নিধন কৰা নৃপেন ডেকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। নৱজিৎ নাথৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে নৃপেন ডেকাক গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যেই সৰ্থেবাৰীৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অনিত্য বৰ্মনে বিহ দি নিধন কৰা কপৌ চৰাইৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।