ঢেকিয়াজুলি ভাগ: পবিত্ৰ মহৰম উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঢেকীয়াজুলি নগৰত উলিয়ালে বিশাল শোভাযাত্ৰা
পবিত্ৰ মহৰম উপলক্ষে ইছলাম ধৰ্মালম্বী লোকসলে ঢেকীয়াজুলিত উলিওৱা শোভাযাত্ৰা দেওবাৰে সন্ধিয়া ৬ বাজি ১৫ মিনিটত সামৰণি পৰে ৷ উল্লেখ্য যে আজি ইছলাম ধৰ্মালম্বী লোকসলৰ পবিত্ৰ মহৰম ৷ সেয়েহে পবিত্ৰ মহৰম উপলক্ষে দেশৰ প্ৰান্তে-প্ৰান্তে ইছলাম ধৰ্মালম্বী লোকসকলে উদ্যাপন কৰিছে পবিত্ৰ মহৰম ৷ দেশৰ অন্যান্য স্থানৰ সমান্তৰালভাৱে আজি ঢেকীয়াজুলি নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ইছলাম ধৰ্মালম্বী লোকসকলে উলিয়ালে বিশাল শোভাযাত্ৰা ৷