ওদালগুৰি: গনকপাৰা আৰু ওজা গাঁৱত দলীয় কৰ্মকৰ্তা মৃত্যুত বাসগৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিলে এমচিএলএ দিগন্ত বৰুৱাই
জিলা খনৰ ওজাগাৱৰ তিলেশ্বৰ ডেকা আৰু গনকপাৰাৰ থানেশ্বৰ ডেকাৰ কিছু দিন পূৰ্বে মৃত্যু হয়।লোক দুগৰাকীৰ আকস্মিক বিয়োগত দলৰ মাজত শোকৰ ছাঁ পৰে।সেয়ে দুয়ো গৰাকী লোকৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত লোক সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ লোক উপস্থিত থাকে।