লাহৰীঘাট: লাহৰীঘাট আঞ্চলিক ঈদগাহ ময়দানত বৃহস্পতিবাৰে ১০ সহস্ৰাধিক লোকে আদায় কৰিলে ঈদৰ সমূহীয়া নামাজ
আজি পবিত্ৰ ঈদ উল ফিটৰ।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে লাহৰীঘাটতো আজি ইছলাম ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে পালন কৰে পবিত্ৰ ঈদ উল ফিটৰ।এই উপলক্ষে আজি পুৱাভাগত লাহৰীঘাট আঞ্চলিক ঈদগাহ ময়দানত বৃহত্তৰ অঞ্চলটোৰ দহ সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰে।উল্লেখ্য যে ময়দানত ইজনে সিজনক আলিংগন কৰি শান্তি আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰে।