পূব ডিব্ৰুগড়: বগীবিলত ভয়ংকৰ বান পৰিস্থিতি, শ শ বিঘা কৃষিভূমি পানীৰ তলত, শতাধিক পৰিয়াল পানীৰ মাজত আবদ্ধ
বিশাল ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত বিধ্বস্ত ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল বগীবিল - আইথানৰ কেইবাটাও অঞ্চল। শ শ কৃষিভূমি পানীৰ তলত। ডিব্ৰুগড়ৰ বগীবিল অঞ্চলৰ ৯০ শতাংশ কৃষিজীৱী ৰাইজৰ উৎপাদিত শস্য বাঢ়নী পানীয়ে তচনচ কৰি তুলিছে। বগীবিলৰ শতাধিক পৰিয়ালৰ আৱাসগৃহ এতিয়াও পানীৰ তলত। ইতিমধ্যে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ লগতে পশুধনৰ বাবে সামগ্ৰী প্ৰদান কৰিছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে।