সোণাৰি: সোণাৰীত জিলা বিজেপিৰ কাৰ্যালয়ত অগপ-বিজেপিৰ যৌথ নিৰ্বাচনী সভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ জিলাৰ সোণাৰীত অৱস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত আজি দুপৰীয়া অসম গণ পৰিষদ আৰু বিজেপি দলৰ এখন যৌথ নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ এই সভাত বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস, ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সভাপতি অশোক ওৰাং, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, অগপৰ নাৰায়ণ কোঁৱৰসহ দুয়োদলৰে বহুকেইগৰাকী বিষয়ববীয়া আৰু দলীয় বহুসংখ্যক কাৰ্যকৰ্তা উপস্থিত থাকে ৷