মৰঙী: মৰঙিৰ বিভিন্ন স্থানত বান পৰিস্থিতিৰ বুজ লৈ বান পীড়িত ৰাইজৰ লগত মত বিনিময় জিলা আয়ুক্ত পুলক মহন্তৰ
মঙ্গলবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত গৰাকীৰ সৈতে মৰঙী ৰাজহ চক্ৰৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। লগতে বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লয়। এই সময়ছোৱাত জিলা আয়ুক্ত গৰাকীয়ে এন ডি আৰ এফ দলৰ উদ্ধাৰ অভিযান পৰ্যবেক্ষণ কৰে আৰু সমূহ ৰাইজক এই দূৰ্যোগৰ সময়ত সকলো প্ৰয়োজনীয় সহায়-সহযোগিতা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে।