বৰগাং ক্ৰিকেট একাডেমীৰ পৰা ৰাজ্যিক পৰ্যায়ৰ অংশগ্ৰহণত ছয় জনৰ যোগ্যতা অৰ্জন
বৰগাং ক্ৰিকেট একাডেমীৰ পৰা বিশ্বনাথ জিলাৰ পৰা ষোল্ল বছৰ অনুৰ্ধৰ ৰাজ্যিক পৰ্যায়ত আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত প্ৰতীক লুইটেল আৰু সংগম শৰ্মাই অংশ গ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে।আনহাতে মাজুলী জিলাৰ আয়ুস দেৱ নাথে যোগ্যতা অৰ্জন কৰিছে।
বৰগাং ক্ৰিকেট একাডেমীৰ পৰা 15বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত ছোৱালীৰ অসমী উপাধ্যায় আৰু খুচি সোনাৰীয়ে তেজপুৰ জিলাৰ পৰা আৰু ভুমিকা ওৰাঙে লখিমপুৰ জিলাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে।