
১। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি ক’লা বজাৰ আৰু অধিক মূল্যত বিক্ৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব লাগে।
২। জিলাখনৰ জৰাজীৰ্ণ আৰু বিপজ্জনক বাট-পথসমূহৰ জৰুৰী ভিত্তিত মেৰামতি কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে।
৩। অবৈধ কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ কৰি ইয়াৰ সৈতে জড়িত ব্যক্তি আৰু চক্ৰৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৪। বিদ্যালয়-মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ধপাতজাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে।
৫। নিয়ম উলংঘা কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই সামগ্ৰী জব্দ কৰাৰ লগতে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৬। উক্ত সকলো বিষয়তে সংশ্লিষ্ট বিভাগসমূহক দায়িত্ব নিৰ্ধাৰণ কৰি সময়-সীমাবদ্ধভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
৭। প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক স্পষ্টভাৱে অৱগত কৰিব লাগে।
আমি স্পষ্টভাৱে ক’ব বিচাৰোঁ যে—জনসাধাৰণৰ জীৱন, স্বাস্থ্য, পৰিৱেশ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে জড়িত বিষয়সমূহক আৰু অৱহেলা বা বিলম্ব কৰাৰ কোনো অৱকাশ নাই। প্ৰশাসনৰ তৰফৰ পৰা যদি দাবীসমূহৰ ক্ষেত্ৰত শীঘ্ৰে দৃশ্যমান আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে জনস্বাৰ্থত গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ’ম।
জনতাৰ সমস্যা সমাধান কৰক—কেৱল আশ্বাস নহয়, বাস্তৱ পদক্ষেপ গ্ৰহণ কৰক।
এই দাবী সদৌ অসম মটক ছাত্ৰ সন্থাৰ দাবী