'সেৱা সংকল্প অভিযান'ৰ অংশ হিচাপে চাইবাৰ সুৰক্ষাক লৈ মাজুলী আৰক্ষীৰ সজাগতা অভিযান।
ৰাজ্যজুৰি চলি থকা 'সেৱা সংকল্প অভিযান'ৰ অংশ হিচাপে বিগত সময়ছোৱাত মাজুলী আৰক্ষীৰ উদ্যোগত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত চাইবাৰ ক্ৰাইম সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰে ---
এই সজাগতা সভাসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক চাইবাৰ অপৰাধৰ বিভিন্ন দিশ, অনলাইন প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত থকাৰ উপায়, সামাজিক মাধ্যমৰ নিৰাপদ ব্যৱহাৰ আৰু ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষাৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰা হয়।