ওদালগুৰি: ওৰাঙতো ছঠ পূজা উদযাপন সমিতিৰ উদ্যোগত প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে আজি ওদালগুৰি জিলাৰ ওৰাঙতো উদযাপন কৰা হৈছে আস্থা আৰু বিশ্বাসৰ পৰৱ ছঠ পূজা। প্ৰথমে বাটচৰাতে জুবিন গাৰ্গৰ প্ৰতিছবিত বন্তি প্ৰজ্জ্বলন কৰি ওৰাং সাৰ্বজনীন ছঠ পূজা সমিতিৰ উদ্যোগত পাঁচনৈ নদীৰ ঘাটত পৰম্পৰাগত নীতি নিয়মৰ মাজেদি ছঠ পূজা পালন কৰা হয়। এই অনুষ্ঠানত স্থানীয় শিল্পী সকলৰ দ্বাৰা নাম গোৱা হয় ।