শুকুৰবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত নগাজান বজালনী গাঁৱৰ এজন লোকৰ পাক ঘৰত কেইবাডাল বিষাক্ত ফেঁটী সাপ উদ্ধাৰ কৰা হয় । ভাত ৰান্ধিব যাওঁতে কাষতে পূজা কৰা মূৰ্ত্তিৰ মাজত লুকাই থকা অৱস্থাত প্ৰত্যেক্ষ কৰে সাপ কেইডাল । স্থানীয় লোকৰ উপস্থিতিত বহু প্ৰচেষ্টাৰ অন্তত সাপ কেইডাল উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত কাষৰীয়া সুৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।