মৰঙী: নুমলীগড়ত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি, ১০খনৰো অধিক গাঁও প্লাৱিত, নীপকোৱে বান্ধৰ ৪খন গে’ট খোলাত জটিল বান পৰিস্থিতি
নুমলীগড়ত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। ১০খনৰো অধিক গাঁও প্লাৱিত। নীপকোৱে বান্ধৰ ৪খন গে’ট খোলাত জটিল বান। এই দৃশ্য মঙ্গলবাৰৰ দিনৰ প্ৰায় ১২ বজাৰ। নুমলীগড়ৰ মৰঙী মৌজাৰ মিঠাআম চাপৰি, চেচামুখ, কৰ্দ্দৈগুৰি, কেন্দুগুৰি, হালোৱাগাঁও আদি ১০খনৰো অধিক গাঁও এতিয়া বানৰ কৱলত। ইতিমধ্যে ১০টাৰো অধিক আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। শ শ বানাক্ৰান্তই আশ্ৰয় গ্ৰহণ কৰিছে আশ্ৰয় শিবিৰত। ক্ৰমাত বৃদ্ধি পোৱা বানে এতিয়া খুমটাই আৰু বোকাখাত সমষ্টিত অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি।