আজাৰা: মহানগৰীৰ ৰাণীস্থিত ৰাভা হাছংৰ কাৰ্যালয়ত বিজুলী মেধি কলিতা
মহানগৰীৰ ৰাণীগেটস্থিত ৰাভা হাচং কাৰ্যালয়ত বিজেপিৰ গুৱাহাটী লোকসভাৰ প্ৰক্ষেপিত প্ৰাৰ্থী বিজুলী মেধি কলিতা । কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াৰ লগত বৈঠকত মিলিত হয় । তাৰপিছতে এক প্ৰচাৰ সভাতো অংশ লয় বিজুলী মেধি কলিতা । বিজুলী মেধি কলিতাক সংগ দিয়ে বিজেপিৰ নেতৃত্বই ।