বাঘবৰ: বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আয়োজিত শিক্ষামূলক সজাগতা সভাত বিধায়ক শেৰমান আলী আহমেদৰ অংশ গ্ৰহণ
বৰপেটা জিলাৰ বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ উদ্যোগত আৰু বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত সোমবাৰে এখন শিক্ষামূলক সজাগতা অনুষ্ঠিত হয় ৷ শিক্ষামূলক সজাগতা সভাখনত বাঘবৰ সমষ্টিৰ বিধায়ক শেৰমান আলী আহমেদে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্য মূল্যবান ভাষণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত ভালে সংখ্যক ছাত্ৰ ছাত্ৰীৰ উপৰিও কেইবাখনো শিক্ষা অনুষ্ঠানত শিক্ষক শিক্ষয়ত্ৰী উপস্থিত থাকে।