বালিজানা: মহা নৱমী উপলক্ষে বৈদিক ৰীতি নীতিৰে চহৰৰ নেপালী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে কুমৰী পূজা সমাপন কৰে
মহা নৱমী উপলক্ষে বৈদিক ৰীতি নীতিৰে চহৰৰ নেপালী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে কুমৰী পূজা সমাপন কৰে । দেৱীৰ নটা ৰূপত ন গৰাকী কুমাৰী কন্যাক সজাই পৰাই পূজা অৰ্চনা কৰা হয় । কুমাৰী পূজা উপলক্ষে প্ৰতি বছৰৰ দৰে আজিও যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় । ভক্তপ্ৰাণ ৰাইজ কুমাৰী পূজাত উপস্থিত থাকি সকলোৰে মঙ্গলৰ বাবে দেৱীৰ পৰা আশীষ বিচাৰে ।