ধেমাজি: জোনাইত অখিল গগৈ আৰু ভূপেন বৰাক শনিয়ে পাইছে, যাৰ ফলত দুয়োৰে আত্মা অশান্ত বুলি মন্তব্য বিধায়ক ভূৱন পেগুৰ৷
জোনাইত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শুক্ৰবাৰে সন্ধিয়া ৫.৩০ বজাত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে কয় “অখিল গগৈৰ গাত শনিয়ে লম্ভিছে৷ অখিল গগৈৰ চেহেৰাটো দেখিলেই লাগে অশান্ত আত্মাৰ দৰে৷ সেয়ে সকলোৱে অখিল গগৈৰ পৰা আতঁৰি থাকিব লাগে, নহলে আপোনালোকৰ গাতো লম্ভিব শনিয়ে৷” শনিয়ে পোৱা অখিল গগৈয়ে ভূপেন বৰাৰ গাত লম্বিছে৷ ভূপেন বৰাকো ডাঙৰ শনিয়ে লম্ভিছে৷ যাৰ ফলত ভূপেন বৰাই কৰিব পৰা নাই সুস্থ চিন্তাধাৰা বুলি তীব্ৰ সমালোচনা কৰে বিধায়ক ভূৱন পেগুৰ