সৰ্থেবাৰী: কঠালৰতাৰিত অনুষ্ঠিত ধৰতি আবা জন ভাগিদাৰী অভিযানত চক্ৰ বিষয়াৰ অংশ গ্ৰহণ
দেশজুৰি অব্যাহত থকা " ধৰতি আবা জন ভাগিদাৰী অভিযান " কাৰ্যসূচী মঙলবাৰে বৰপেটা জিলাৰ কঠালৰতাৰিত অনুষ্ঠিত হয়। অনুসূচীত জনজাতি লোক অধ্যুষিত অঞ্চলটোত এই উপলক্ষে আয়োজিত সজাগতামূলক কাৰ্যসূচীত দুই শতাধিক লোক উপস্থিত থাকে। তেওলোকৰ ভিতৰত যিসকল অদ্যাপি চৰকাৰী বিভিন্ন সা- সুবিধাৰ পৰা বঞ্চিত হৈ আছে তেওলোকক থিতাতে তেনে সুবিধা প্ৰদান কৰা প্ৰক্ৰিয়া চলোৱা হয়। সেই অনুসৰি আধাৰ কাৰ্ড, বৃদ্ধ পেঞ্চন, ৰেচন কাৰ্ড আদি প্ৰদানৰ প্ৰক্ৰিয়া চলোৱা হয় ৷