কলগাছিয়া: বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা অনিয়ম আৰু দূৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
বৰভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়খনত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ । অভিযোগ অনুসৰি বিদ্যালয়ৰ দুপৰীয়া আহাৰ, প্ৰস্ৰাৱগাৰ, বিশুদ্ধ খোৱা পানীৰ অভাৱ, শিক্ষাৰ প্ৰতি গুৰুত্বহীনতা আদি সমস্যা আৰু অধ্যক্ষৰ ভুমিকাই অতিষ্ঠ কৰি তুলিছে ছাত্ৰ ছাত্ৰী সকলক । শিক্ষাৰ্থীসকলে বিভাগীয় কতৃপক্ষক অনুৰোধ জনায় যাতে শীঘ্ৰে তদন্ত কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনে।