সৰ্থেবাৰী: গৰিয়া ছটলাত সন্দেহজনক লোকে বেদখল কৰা ভুমি বেদখলমুক্ত কৰাৰ দাবী খিলঞ্জীয়া গৰীয়া মুছলমান লোকৰ
গৰিয়া ছটলাত সন্দেহজনক লোকৰ ব্যাপক বেদখলৰ অভিযোগ খিলঞ্জীয়া গৰীয়া মুছলমান লোকৰ । বগুৰীতাৰি, গাদেশালী পাম, চেংদিত প্ৰায় ২০০ বিঘা ভূমি বেদখলকাৰীৰ কৱলত বুলি অভিযোগ ৷ খিলঞ্জীয়া গৰীয়া মুছলমানে বাস কৰা অঞ্চলকেইটা বেদখলমুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীক । এটা বিশেষ সম্প্ৰদায়ৰ মানুহে অবৈধভাৱে বেদখল কৰি আছে গৰিয়া ছটলাৰ গাতে লাগি থকা বগুৰীতাৰি, গাদেশালী পাম, চেংদি আদি এক বিস্তীৰ্ণ এলেকা বুলি গৰীয়া মুছলমান ৰাইজে অভিযোগ কৰে ৷